বকো : এটাৰ পিছত আনটো পথ দুর্ঘটনা সংঘটিৰ হৈছে বকোত। বিগত কিছুদিনত বকোত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। শুকুৰবাৰে পুনৰ এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয় বাকোত। এই পথ দুর্ঘটনাত পুনৰ এজন লোক নিহত হয়।
কামৰূপ জিলাৰ বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক। যাত্ৰীবাহী বাছৰ খুন্দাত খতিতে নিহত হয় জেহৰুল ইছলাম নামৰ এজন যুৱক। নিহত যুৱকজনৰ ঘৰ বকোৰ বাক্ৰাপাৰাত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : মৰাণত ছয় ঠেঙীয়া গৰু পোৱালি! আজৱ গৰু পোৱালি চাবলৈ ৰাইজৰ ভিৰ
জেহৰুল ইছলাম নামৰ যুৱকজন স্কুটীৰে গৈ থকা অৱস্থাত বকোৰ চকাবাহাত তীব্ৰ বেগী যাত্ৰীবাহী বাছ এখনে স্কুটীখনত খুন্দা মৰাত জেহৰুল ইছলাম নামৰ যুৱকজন নিহত হয়। দুর্ঘটনা সংঘটিত কৰি বাছখন পলায়ন কৰে যদিও ধূপধাৰা আৰক্ষীয়ে বাছখন জব্দ কৰে।