জামুগুৰিহাট : জামুগুৰিহাটত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হৈছে দুজনকৈ লোক। ট্ৰাক আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘর্ষ।

জামুগুৰিহাটৰ কুসুমটোলাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুত্বৰভাৱে আহত হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত তেজপুৰৰ দিশৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখে আহি থকা এখন ট্ৰাকৰ লগত বিপৰীত দিশৰ পৰা গৈ থকা এখন বালি কঢ়িওৱা ডাম্পাৰৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুর্ঘটনা সংঘটিত হয়।

লগতে পঢ়ক : কাৰ্বি চুক্তিৰ প্ৰতিবাদত অল পাৰ্টি হিলচ লিডাৰ কনফাৰেন্সৰ জোৰ সমদল

এই পথ দুৰ্ঘটনাটোত ডাম্পাৰখনৰ চালক চনেন বড়ো থিতাতে নিহত হোৱাৰ বিপৰীতে প্ৰহ্লাদ চুনি আৰু আকৰ তেলী নামৰ আন দুজন লোক গুৰুত্বভাৱে আহত হয়। আহত দুজনক উত্তৰ জামুগুৰি চিকিংসালয়ত প্ৰাথমিক চিকিংসা প্ৰদান কৰাৰ পিছত উন্নত চিকিংসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply