চিৰাং : চিৰাং জিলাৰ বিজনীত ভয়ংকৰ পথ দুর্ঘটনা। দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এজন লোক নিহত হয়।
দেওবাৰে নিশা চিৰাং জিলাৰ বিজনীত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মন্টু ৰায় নামৰ এজন লোক নিহত হয়। নিশা নিজৰ সুলভ মূল্যৰ দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত বিজনীৰ ভূমকিপাৰাত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই মন্টু ৰায় নামৰ লোকজন।
এএছ-২৬-ডি-৪৬১২ নম্বৰৰ স্কুটীৰে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই মন্টু ৰায়ে পথৰ দাঁতিত থকা বিদ্যুৎ খুটাত খুন্দা মাৰে। গুৰুত্বৰভাৱে আহত মন্টু ৰায়ক স্থানীয় লোক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মন্টু ৰায়ক মৃত বুলি ঘোষণা কৰে।
লগতে পঢ়ক : মাৰ্ঘেৰিটাত পৰ্যটন উদ্যোগ বিকাশৰ সম্ভাৱনীয়তা বিচাৰি আলোচনা
পথ দুর্ঘটনাটোত নিহত হোৱা মন্টু ৰায় নামৰ লোকজন বিজনীৰ আবাদীপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিশা পথ দুর্ঘটনাত এজন লোক নিহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।