দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাৰ বন্ধিহানা বয়জেৰ আলগাৰ দৈ ফৈদৰ মাজত ভূমি কেন্দ্ৰিক সংঘাত। দুই ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত নিহত এজন। দীর্ঘদিন ধৰি দুই পৰিয়ালৰ মাজত চলি আছিল ভূমি কেন্দ্ৰিক সংঘাত।

গাঁওখনৰ আব্দুল আজিজ আৰু আইনুল হক নামৰ লোক দুজনৰ মাজত দীৰ্ঘদিন ধৰি ভূমি কেন্দ্ৰিক সংঘাত চলি আছিল। বুধবাৰে সন্ধিয়াও দুই ফৈদৰ মাজত মাৰপিট হোৱাত আইনুল হকৰ পুত্ৰ আজগৰ আলীক আব্দুল আজিজসহ তেওঁৰ ফৈদৰ লোকে ডিঙি কাটি হত্যা কৰাৰ অভিযোগ।

লগতে পঢ়ক : ১৫ খন জিলাৰ ২১২ জনৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী বিশেষ কমিটিৰ

ঘটনাক কেন্দ্ৰ কৰি বন্দিহানাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে। উত্তেজিত ৰাইজে হত্যাকাৰী আব্দুল আজিজক আটক কৰি আৰক্ষীক গতাই দিয়ে। পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰনলৈ আনে। ঘটনাক লৈ এতিয়াও চেপা উত্তেজনা বিৰাজ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply