গুৱাহাটী : মহানগৰীত পুনৰ এক নৃশংস হত্যাকাণ্ড। জ্যেষ্ঠ ভাতৃক হত্যা কৰিলে এজন যুৱকে। দুয়ো ভাতৃ ড্ৰাগছ আসক্ত আছিল।
এটাৰ পিছত আনটো হত্যাকাণ্ডই জোকাৰি গৈছে মহানগৰী গুৱাহাটীক। পুনৰ এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ হেৰুৱালে জ্যেষ্ঠ ভাতৃয়ে।
এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে বামুণীমৈদামত। দেওবাৰে নিশা শোৱাপাটীত জিন্টু দাস নামৰ যুৱকজনে হত্যা কৰে জ্যেষ্ঠ ভাতৃ কমল দাসক।
নিশা দুয়ো ভাতৃৰ মাজত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হৈছিল। দুয়ো ভাতৃ ড্ৰাগছ আসক্ত আছিল বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : নিউজ পৰ্টেলৰ বিৰুদ্ধে ডবকা থানাত গোচৰ
ঘটনাস্থলীত চান্দমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ইফালে হত্যাকাৰী জিন্টু দাস পলাতক অৱস্থাত আছে।