মৰাণ : মৰাণত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। ভয়ংকৰ পথ দুর্ঘটনাটোত এগৰাকী মহিলা থিতাতে নিহত হৈছে। অঞ্চলটোত শোকৰ ছাঁ।

মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। শিৱসাগৰ দিশৰ পৰা মৰাণৰ দিশলৈ আহি থকা এ এছ-২৩-জি-২৪৩৭ নম্বৰৰ ট্ৰাক এখনে এএছ-০৪-এক্স-০৪৯০ নম্বৰৰ এখন স্কুটিক খুন্দা মাৰে।

তীব্ৰ বেগী ট্ৰাকখনৰ খুন্দাত স্কুটিখনৰ চালক মহিলা গৰাকী থিতাতে নিহত হয়। নিহত মহিলাগৰাকী কচুমাৰি সমবায় গাঁৱৰ তৰালী চাংমাই বুলি জানিব পৰা গৈছে। আনহাতে স্কুটিখনৰ আৰোহী মৰাণ কচুমাৰীৰ মণি বৰুৱা নামৰ মহিলা গৰাকী গুৰুত্বভাৱে আহত হৈছে।

লগতে পঢ়ক : ৰতন টাটালৈ অসম চৰকাৰে প্ৰদান কৰিব ‘অসম বৈভৱ বঁটা’

আহত মহিলাগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখনক মৰাণ আৰক্ষীয়ে জব্দ কৰি থানালৈ আনে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply