গুৱাহাটী : ক’ভিড মহামাৰীয়ে অসমত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে। অসমত প্ৰতিদিনে ইজনৰ পিছত সিজন লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। ইতিমধ্যে অসমত ক’ভিডত আক্রান্ত হৈ কেইবাগৰাকী শিল্পীৰ লগতে প্ৰাণ হেৰুৱাইছে সাংবাদিকে। উজনিৰ পৰা নামনিলৈকে ক’ভিডৰ তাণ্ডৱলীলাত অব্যাহত আছে।
দেশত ক’ভিড মহামাৰীৰ সংক্ৰমণ নিয়ন্ত্ৰণহীন হৈ পৰাত প্ৰতিদিনে লক্ষাধিক লোক আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ লোক। ৰাজধানী দিল্লী, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশৰ লগতে কেইবাখনো ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে ক’ভিড মহামাৰীয়ে।
অসমত বৰ্তমানলৈকে ক’ভিড আক্রান্তৰ হাৰ দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত কম যদিও দিনক দিনে অসমতো ক’ভিডে ভয়াবহ পৰিস্থিতি সৃষ্টি কৰা পৰিলক্ষিত হৈছে। শুকুৰবাৰে নিশাৰ ভাগত শিৱসাগৰ জিলাৰ ডিমৌৰ দিচাং হালোৱাটিংৰ এগৰাকী মহিলাৰ লগতে কামৰূপ জিলাৰ বকোৰ এজন যুৱক ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰে।
শিৱসাগৰ জিলাৰ ডিমৌৰ দিচাং হালোৱাটিংৰ ৪৫ বছৰীয়া মৰজিনা বেগম নামৰ মহিলা গৰাকী বিগত কিছুদিন ধৰি কভিডত আক্রান্ত হৈ নিজৰ ঘৰতে কোৱাৰাণ্টাইন হৈ আছিল।শুকুৰবাৰে নিশাৰ ভাগত মহিলা গৰাকীৰ শৰীৰত অক্সিজেনৰ মাত্ৰ হ্ৰাস পোৱাত মহিলা গৰাকীৰ অৱস্থা সংকটজনক হৈ পৰে আৰু মহিলা গৰাকী মৃত্যুৰ মুখত পৰে।
আনহাতে কামৰূপ জিলাৰ বকোৰ ক’ভিড আক্রান্ত এজন যুৱকক গুৱাহাটীলৈ চিকিৎসাৰ বাবে আনি থকা পথত যুৱক জনৰ মৃত্যু ঘটে। বকোৰ বাটাকুচিৰ বাক্ৰাপাৰাৰ লাচিত ৰাভা নামৰ ৩০ বছৰীয়া যুৱকজন কভিডত আক্রান্ত হৈ ঘৰতে কোৱাৰাণ্টাইন হৈ আছিল যদিও যুৱকজনৰ অৱস্থা সংকটজনক হৈ পৰাত যুৱকজনক চিকিৎসাৰ বাবে গুৱাহাটীলৈ আনি থকা পথত যুৱকজনৰ মৃত্যু ঘটে।