গুৱাহাটী : নিশাৰ ভাগতে এক ভয়ংকৰ পথ দুর্ঘটনা। মহানগৰীৰ সৰুসজাইত নিশাৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আহত হয় এজন যুৱক।
খানাপাৰাৰ পৰা লখৰা অভিমুখে আহি থকা এএছ-০২-এচি-৭৬৬২ নম্বৰৰ এখন ট্ৰাকে একে দিশে আহি থকা এএছ-০১-ইডব্লিউ-৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়ে। বাইকখন ট্ৰাকখনৰ তলত সুমাই পৰাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে এজন যুৱক গুৰুত্বৰভাৱে আহত হয়।
লগতে পঢ়ক : পংগুত্বৰ মাজেৰে কৃষিকৰ্ম কৰি জীৱন সংগ্ৰাম চলাই যোৱা এগৰাকী ব্যক্তি
দুৰ্ঘটনাত নিহত হোৱা মহিলা গৰাকী নুনমাটিৰ ৰুণু দাস বুলি চিনাক্ত কৰা হৈছে। আহত যুৱকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুর্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনক আৰক্ষীয়ে আটক কৰিছে।