দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত বৰটিলা গাঁৱৰ পৰা সোমবাৰে নিশা আৰক্ষীয়ে এক অভিযান চলাই তেলঢালা হত্যাকাণ্ডৰ আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হত্যাকাণ্ডৰ অভিযুক্ত জনক মঙলবাৰে আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালা গাঁৱৰ এগৰাকী যুৱতীক মোবাইলযোগে গাঁওখনৰে মকৰম আলী নামৰ এজন লোকৰ জোঁৱাই তৈয়ব আলীয়ে অশ্লীল মেছেজ দিয়াৰ লগতে অশ্লীল প্ৰস্তাৱ দিছিল। এই ঘটনাক লৈ শনিবাৰে সন্ধিয়া প্ৰায় ৮ বজাত এখন গাঁৱসভা পাতি ঘটনাটো মীমাংসাৰ বাবে স্থানীয় লোকে চেষ্টা কৰে যদিও পৰিৱেশ নিয়ন্ত্ৰণহীন হৈ পৰাত সভাখন ভাঙি দিয়া হয়। ইয়াৰ পিছতে যুৱতীগৰাকীৰ অভিভাৱক আৰু অভিযুক্ত মকৰম আলীৰ মাজত সংঘৰ্ষ আৰম্ভ হয়।

দুই ফৈদৰ মাজত হোৱা সংঘৰ্ষত যুৱতী গৰাকীৰ ভাতৃ আখিৰুল ইছলাম মৃত্যু মুখত পৰে। এই ঘটনাক লৈ দেওবাৰে পুৱাৰ ভাগত দুস্কৃতিকাৰীৰ দল এটাই মকৰম আলীৰ ঘৰত অগ্নি সংযোগ কৰাত তিনিটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। আৰক্ষীয়ে উক্ত দিনাই মকৰম আলীসহ আন এজন হত্যাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে যদিও মূল অভিযুক্ত তৈয়ব আলী আত্মগোপন কৰি আছিল। তৈয়ব আলীক গ্ৰেপ্তাৰৰ বাবে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি অৱশেষত সোমবাৰে নিশা প্ৰায় ১ বজাত কালাপানী আৰক্ষী চকী এলেকাৰ অধীনস্থ অসম-মেঘালয় সীমান্তবৰ্তী বৰটিলা গাঁৱৰ লোক এজনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক : কেতিয়াৰ পৰা দুটাতকৈ অধিক জন্ম দিলে নাথাকিব চৰকাৰী চাকৰি ?

ধৃত হত্যাকাৰী তৈয়ব আলীক মঙলবাৰে পুৱাৰ ভাগত হাটশিঙিমাৰী মহকুমা আদালতত মানকাচৰ আৰক্ষীয়ে প্ৰেৰণ কৰাত আদালতে তৈয়ব আলীক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। উল্লেখ্য যে শনিবাৰৰ ঘটনাৰ পিছৰে পৰা তেলঢালা গাঁৱত তীব্ৰ চাঞ্চল্য বিৰাজ কৰি আছে। দুই ফৈদৰ সংঘৰ্ষত এজন যুৱক নিহত হোৱাৰ ঘটনাও গাঁওখনত শোকৰ ছাঁ পেইলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply