দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত দেওবাৰে পুনৰ এজন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে। জিলাখনত ক’ভিডত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পোৱাৰ লগতে ক’ভিড আক্ৰান্তৰ সংখ্যা ৪১১ জনলৈ বৃদ্ধি পায়।

মানকাচৰৰ ঠাকৰানবাৰী গাঁৱৰ ৰফিকুল ইছলাম নামৰ এজন লোক যোৱা প্ৰায় ১ সপ্তাহ ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল। দেওবাৰে লোকজন অধিক অসুস্থ হৈ পৰাত মানকাচৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও কিছু সময়ৰ পিছতে লোকজন মৃত্যু মুখত পৰে। লগে লগে লোকজনৰ ক’ভিড পৰীক্ষা কৰাত লোকজন ক’ভিড আক্ৰান্ত বুলি ধৰা পৰে।

আৰু পঢ়কঃ ক’ভিডত আক্রান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে ছয়গাঁৱৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী

ইয়াকে লৈ জিলাখনত মুঠ ৫ জন লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। আনহাতে জিলাখনত দেওবাৰে নতুনকৈ ক’ভিডত ৩৩ জন লোক আক্ৰান্ত হোৱাত জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ৪১১ জনলৈ বৃদ্ধি পায়।

ইফালে জিলাখনত এতিয়াও একাংশ লোক ক’ভিডক অৱহেলা কৰি ক’ভিড পৰীক্ষা কৰাৰ পৰা বিৰত থকাৰ লগতে একাংশ লোকে ভেকচিন লোৱাত ভয় কৰা পৰিলক্ষিত হৈছে। ভেকচিন গ্ৰহণ কৰিলে মৃত্যু হয় বুলি জিলাখনত উৰা বাতৰি বিয়পি পৰাৰ ফলত ৰাইজে উৰা বাতৰি যাতে বিশ্বাস নকৰে তাৰ বাবে মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ছাদ্রুল হক খন্ধকাৰে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply