মানকাচৰ : নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী জিলা দক্ষিণ শালমাৰা-মানকাচৰত ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি। শুকুৰবাৰে জিলাখনত পুনৰ এজন ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰে। আনহাতে শুকুৰবাৰৰ দিনটোত দক্ষিণ শালমাৰা-মানকাচৰত নতুনকৈ ক’ভিডত আক্রান্ত হয় ৮৪ জনকৈ লোক।

সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌ। দেশত প্ৰতিদিনে লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ক্ৰমাৎ ভয়াবহ হৈ উঠিছে ক’ভিডৰ দ্বিতীয়টো ঢৌ। নামনি অসমৰ জিলা সমূহতো ক’ভিডৰ ব্যাপক সংক্ৰমণ ঘটিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত শুকুৰবাৰে পুনৰ এজন ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰে। ইয়াৰ লগতে জিলাখনত মৃতকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। আনহাতে শুকুৰবাৰে জিলাখনত নতুনকৈ ক’ভিডত ৮৪ জনকৈ লোক আক্রান্ত হোৱাত আক্ৰান্তৰ সংখ্যা ৭৬৪ জনলৈ বৃদ্ধি পায়। জিলাখনত এটা দিনত সৰ্বাধিক ৮৪ জন লোক আক্ৰান্ত হয় শুকুৰবাৰে।

লগতে পঢ়ক : আলফাৰ দ্বাৰা অপহৃত ৰিতুল শইকীয়া অবশেষত মুকলি হ’ল

ইয়াৰ পূৰ্বে এটা দিনত ৭২ জন লোক আক্ৰান্ত হৈছিল যদিও শুকুৰবাৰে সৰ্বাধিক ৮৪ জন আক্ৰান্ত হৈছে। ইফালে এতিয়ালৈ জিলাখনত ৩৪৬ জন ক’ভিড ৰোগী সুস্থ হৈ উঠাৰ পৰিবৰ্তে ৪১৮ জন বৰ্তমানেও আক্ৰান্ত হৈ আছে। ইয়াৰে ৭ জনৰ অৱস্থা সংকটজনক হোৱা বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply