নগাঁও : ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি নগাঁও আৰক্ষীৰ গুলী চালনা। নগাঁও আৰক্ষীৰ গুলীত আহত হৈছে ড্ৰাগছ মাফিয়া আব্দুল ৱাছেট ওৰফে ইফু। নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ড্ৰাগছ মাফিয়া আব্দুল ৱাছেটক।
নগাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ পুনৰ এজন ড্ৰাগছ মাফিয়াক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হ’ল। সোমবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে নগাঁৱৰ আজাদ নগৰত ড্ৰাগছ বিৰোধী অভিযান চলাইছিল।
আৰক্ষীৰ অভিযান সময়ত পলায়ন কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে ড্ৰাগছ মাফিয়া আব্দুল ৱাছেটক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী ড্ৰাগছ মাফিয়া আব্দুল ৱাছেটৰ ভৰিত লগাত গুৰুত্বৰভাৱে আহত হয় ড্ৰাগছ মাফিয়াজন।
লগতে পঢ়ক : বিগত ২৪ ঘণ্টাত অসমত ১৮২ জন লোক নতুনকৈ আক্রান্ত হৈছে ক’ভিডত
অহাত ড্ৰাগছ মাফিয়া আব্দুল ৱাছেটক নগাঁও অসমাৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আব্দুল ৱাছেট নামৰ ড্ৰাগছ মাফিয়াজন দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহাৰ লগত জড়িত আছিল। আৰক্ষীয়ে অন্য ৭ জন লোককো গ্ৰেপ্তাৰ কৰিছে।