ৰঙিয়া : বিগত কিছুদিন ধৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। উজনিৰ পৰা নামনিলৈকে ড্ৰাগছৰ ক’লা সাম্ৰাজ্য কঁপাই তুলিছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে আৰক্ষীৰ অভিযানত জালত পৰিছে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত লোক। জব্দ হৈছে বৃহৎ পৰিমাণৰ বিভিন্ন প্ৰকাশৰ ড্ৰাগছ।
ৰাজ্যৰ কেইবাখনো জিলা ইতিমধ্যে পৰিণত হৈছে ড্ৰাগছৰ ঘটিত। গুৱাহাটী মহানগৰীৰ লগতে নগাঁও, ধুবুৰীত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বৰোধী অভিযান। মহানগৰী গুৱাহাটীৰ কাষৰীয়া ৰঙিয়াতো দিনক দিনে ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে ড্ৰাগছৰ প্ৰচলন। ইতিমধ্যে ৰঙিয়াৰ ভিতৰুৱা বহু অঞ্চল ড্ৰাগছৰ ঘটিত পৰিণত কৰিছে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই সাফল্য লাভ কৰি থকাৰ সমান্তৰালে ৰঙিয়া আৰক্ষীও এই যুঁজখনত পূৰ্ণ সহযোগিতা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। মঙলাবাৰে পুৱতি নিশা ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক : মীন বিভাগৰ কাম কাজৰ পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ বালা বনগাঁৱৰ পৰা আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী কামাল আলীক। ৰঙিয়া আৰক্ষীয়ে কিছুদিন পুর্বে গ্ৰেপ্তাৰ কৰা কেইবাগৰাকী ড্ৰাগছ সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কামাল আলীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা এজন বিজেপি নেতাসহ পাঁচ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল ৰঙিয়া আৰক্ষী।