গুৱাহাটী : পুনৰ মহানগৰ আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন। ড্ৰাগছ লৈ গুৱাহাটীত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী। জব্দ ১০ হাজাৰ নিচাযুক্ত য়াবা (মেঠ) টেবলেট।
মহানগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক সাফল্য। পুনৰ মহানগৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। বশিষ্ঠ আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰিছে।
এক গোপন খবৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে যোৰাবাটত গুৱাহাটী অভিমুখে আহি থকা এএছ-০১-এজে-৩৬৯৮ নম্বৰৰ আই ১০ বাহন এখনত তালাচী চলাই ১০ হাজাৰ য়াবা (মেঠ) টেবলেট জব্দ কৰে। নিচাযুক্ত টেবলেটখিনি বাহনখনৰ চিটৰ তলত লুকুৱাই অনা হৈছিল।
লগতে পঢ়ক : আৰক্ষী আৰু বিএছএফৰ পৃথক পৃথক অভিযানত জব্দ ৮ টা গৰু
বিশিষ্ঠ আৰক্ষীয়ে নিচাযুক্ত টেবলেটখিনি জব্দ কৰাৰ লগত জামাল আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীজনক গ্ৰেপ্তাৰ কৰে। জামাল আলীৰ ঘৰ কামৰূপ জিলাৰ ছায়গাঁৱত বুলি জানিব পৰা গৈছে। অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।