মৰিগাঁও : উৎকোচ লৈ পুনৰ এজন চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ। ৩,৫০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী। মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ মীন বিভাগৰ জ্যেষ্ট সহায়ক গ্ৰেপ্তাৰ।

বুধবাৰে হাইলাকান্দি থানাৰ এছ আই সুধন্য ভট্টাচাৰ্য ৫ হাজাৰ টকাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছিল। বৃহস্পতিবাৰে পুনৰ এজন চৰকাৰী কৰ্মচাৰী ৰঙা ঘৰৰ আলহী হ’বলগীয়া হ’ল ৩,৫০০ টকাৰ উৎকোচ লৈ।

এইবাৰ স্থান মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়। উপায়ুক্ত কাৰ্যায়লৰ মীন বিভাগৰ জ্যেষ্ট সহায়ক হৰেন কুমাৰ নাথ ৩,৫০০ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে ধৰা পৰে। দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে হৰেন কুমাৰ নাথক।

লগতে পঢ়ক : সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ দেহাৱসান

ৰাম প্ৰসাদ সৰকাৰ নামৰ এজন মাছ বেপাৰীৰ পৰা উৎকোচ দাবী কৰিছিল মীন বিভাগৰ জ্যেষ্ট সহায়ক হৰেন কুমাৰ নাথে। জলাশয় অবন্টনত দিয়াৰ নামত মাছ বেপাৰীজনৰ পৰা উৎকোচ বিচাৰিছিল হৰেন কুমাৰ নাথে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply