ৰপেটা : এফালে বাল্য বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰৰ লগতে বিভিন্ন বেচৰকাৰী সন্থাৰ সজাগতা অভিযান আনফালে ৰাজ্যত প্ৰতিদিনে সংঘটিত হৈ আছে বাল্য বিবাহৰ ঘটনা। নামনি অসমৰ বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাত সংঘটিত হৈছে বাল্য।বিবাহৰ ঘটনা।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আৰক্ষীয়ে অভিযান চলাই এখন বাল্য বিবাহৰ সংঘটিত হোৱাত বাধা প্ৰদান কৰি বাল্য বিবাহ কৰিবলৈ অহা কাজীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ সমান্তৰালে বৰপেটা জিলাতো আৰক্ষীয়ে বাল্য বিবাহ কৰোৱা এজন কাজীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা মতে বৰপেটা জিলাৰ হাউলিৰ বৰবাৰীঝাৰত বাল্য বিবাহ কৰাই দিয়া এজন কাজীক গ্ৰেপ্তাৰ কৰিছে হাউলী আৰক্ষীয়ে। যোৱা ১৯ আগষ্টত বৰবাৰীঝাৰত বাল্য বিবাহৰ ঘটনাৰ বিৰুদ্ধে বেচৰকাৰী সংস্থা এটাৰহৈ ৰফিকুল ইছলাম নামৰ এজন লোকে হাউলী থানাত এজাহাৰ দাখিল কৰিছিল।

লগতে পঢ়ক :  কৰিমগঞ্জত আৰক্ষীৰ এনকাউণ্টাৰ নিহত আগ্নেয়াস্ত্ৰ সৰবৰাহকাৰী নুৰুল ইছলাম

ৰফিকুল ইছলামৰ এজাহৰৰ ভিত্তিত হাউলী আৰক্ষীয়ে অভিযান চলাই তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল যদিও বাল্য বিবাহ কৰাই দিয়া কাজীজন আৰক্ষীৰ জালত পৰা নাছিল। আৰক্ষীয়ে অৱশেষত অভিযান চলাই বৰবাৰীঝাৰ গাঁৱৰ ৰোস্তম আলী নামৰ কাজীজনক গ্ৰেপ্তাৰ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply