লখিমপুৰঃ লখিমপুৰত আৰু এটা মহকুমা গঠনৰ দাবী। জিলাখনৰ প্ৰায় ২ লাখ ১০ হেজাৰ ভোটাৰ থকা ১১০ নং নাওবৈচা সমষ্টিক সামৰি এই মহকুমাটো গঠনৰ দাবী জনায় নাওবৈচা সমাজ উন্নয়ন আৰু মহকুমা দাবী সমিতিয়ে।
শনিবাৰে লখিমপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেলত এই দাবী উত্থাপন কৰে। মহকুমা দাবীৰ উপৰি সমষ্টিটোৰ পথ, শিক্ষা, স্বাস্হ্য আদিৰ সামগ্রিক দিশত উন্নয়ন ৰ বাবে ১৪ দফীয়া দাবী উত্থাপন কৰে সমিতিয়ে।
লগতে পঢ়কঃজুৰীয়াত নাৰী দেহ ব্যৱসায়ী চক্ৰৰ সৈতে জড়িত মহিলাক আটক
বি.এড কলেজ, কন্যা মহাবিদ্যালয়, কৃষি আৰু পশু পালনৰ মহকুমা পৰ্যায়ৰ কাৰ্যালয় স্থাপন আদিৰো দাবী জনায়।
উল্লেখ্য যে, লখিমপুৰ আৰু ঢকুৱাখনা মহকুমাৰ পাছত জিলাখনত ২০১৫ চনত বিহপুৰীয়া সমষ্টিক সামৰি ঘোষণা কৰা হৈছিল এটা মহকুমা। পিছে বাস্তৱ ক্ষেত্রত আজিও মহকুমাটোৰ কাম-কাজ শূণ্য় হৈয়েই থাকিল।
সম্প্ৰতি দাবী উত্থাপন হোৱা মহকুমাটোৰ সন্দৰ্ভত চৰকাৰে কেনে ভূমিকা গ্রহণ কৰে সেইয়া লক্ষ্যণীয় হব।