গুৱাহাটী : লালমাটিৰ আব্দুল কাদিৰৰ গেৰেজ ভস্মীভূত। আব্দুল কাদিৰৰ এ কে মটৰ্চ নামৰ গেৰেজখন অগ্নিকাণ্ডত ভস্মীভূত হয়। গেৰেজখনত থকা দুখন বাহনো সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত।
নিশা গুৱাহাটীৰ লালামটিত থকা আব্দুল কাদিৰ নামৰ এজন লোকৰ এ কে মটৰ্চ নামৰ গেৰেজখনত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুৎ বিজুতিৰ ফলত সূত্ৰপাত হোৱা এই অগ্নিকাণ্ডত গেৰেজখনৰ লগতে দুখন বাহন জ্বলি ভস্মীভূত হয়।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৫ লাখ টকাৰ সম্পত্তি জুইত জাহ যায়। গেৰেজখনৰ লগতে গেৰেজখনৰ ভিতৰত থকা এএছ-২৫-চিচি-২৪৪৮ নম্বৰৰ এখন মেজিক গাড়ী আৰু এএছ-১৩-এল-৭০৬৫ নম্বৰৰ এখন স্কুটীও সম্পূৰ্ণৰূপে জুইত জাহ যায়।
লগতে পঢ়ক : পতীয়ৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ জগন্নাথ গোস্বামীৰ স্মৃতিচাৰণ সভা সম্পন্ন
স্থানীয় লোকে জুই নিৰ্বাপন কৰাৰ চেষ্টা চলায় যদিও জুই নিৰ্বাপন কৰাৰ পূৰ্বে গেৰেজখন ভস্মীভূত হয়। পৰৱৰ্তী সময়ত অগ্নি নিৰ্বাপন বাহিনীৰ তিনিখন গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে।