গোলাঘাটত নৃশংস হত্যাকাণ্ড পত্নীয়ে হত্যা কৰিলে স্বামীক

গোলাঘাট: গোলাঘাট জিলাৰ কমাৰবন্ধা বামুনগাঁওৰ নিৰ্বাসী নিতুল বৰা নামৰ লোকজনৰ আসুৰিক কাৰ্যত অতিষ্ঠ হৈ হত্যা কৰে পত্নী জোনালী বৰাই। দৈনিক সুৰাপান কৰি ঘৰত অশান্তিৰ সৃষ্টি কৰি অহাৰ লগতে নিজ কন্যাক অসৎ কাৰ্য্য চলাবলৈ চেষ্টা কৰে নিতুল বৰাই।
যোৱা নিশাও অত্যধিক সুৰাপাধ কৰি ওৰে নিশা পত্নী জোনালী বৰাৰ সৈতে কাজিয়াত লিপ্ত হয় নিতুল বৰা। পুৱাৰ ভাগলৈকে অধিক কাজিয়াৰ সুত্ৰপাত হোৱাত এডাল কাঠৰ খৰিৰে মূৰত মৰিয়াই হত্যা কৰে স্বামী নিতুল বৰাক। ঘটনা সংঘটিত কৰি জোনালী বৰাই কমাৰবন্ধা আৰক্ষী চকীত আত্মসমৰ্পণ কৰি সমগ্ৰ ঘটনা নিজ মুখেৰে স্বীকাৰ কৰে।স্বামীৰ নিজ কন্যাক লৈ এই অসৎ কাৰ্য কৰাৰ ক্ষেত্ৰত বাধা দিয়াৰ বাবেই পত্নীৰ সৈতে নিতৌ সংঘাত হৈছিল | যোৱা নিশাও তেনে এক ঘটনাৰ বাধা দিবলৈ যাওতেই এই ঘটনা সংঘটিত হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply