ডিলৰাজ কৌৰ

নিউজ ডেস্ক : দিলৰাজ কৌৰ, ভাৰতৰ এগৰাকী আৰম্ভণিৰ দিনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাৰালিম্পিক শ্বুটাৰ। পাৰালিম্পিক শ্বুটিং হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ শ্বুটিং প্ৰতিযোগিতা।

আজিৰ পৰা ১৫ বছৰৰ পূৰ্বে যেতিয়া দিলৰাজ পাৰালিম্পিকৰ জগতত নামিছিল তেতিয়া হয়টো পাৰালিম্পিক শব্দটো ভাৰতৰ অধিক সংখ্যক লোকৰ বাবেই অচিনাকী নাছিল।

কিন্তু বিধিৰ বিপাক পাৰালিম্পিকৰ জগতত ভাৰতক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চিনাকী কৰাই দিয়া ৩৪ বছৰীয়া দিলৰাজ কৌৰে এতিয়া এগৰাকী পদ পথৰ দোকানী হিচাপে জীৱন নিৰ্বাহ কৰিব লগা হৈছে।

আৰ্থিক অনাটনত জৰ্জৰিত দিলৰাজে বৰ্তমানে উত্তৰাখণ্ডৰ দেহৰাদুনৰ গান্ধী পাৰ্কৰ সমীপৰ পদ পথত বিস্কুট, চিপছ বিক্ৰী কৰে ।

‘মই ২০০৪ চনত শ্বুটিং কেৰিয়াৰ আৰম্ভ কৰিছিলো আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত ২৮ টা সোণ, ৮ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰাকে ধৰি বহুকেইখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংশ লৈছিলো,’ দিলৰাজে কয়।

লগতে পঢ়ক : গুৱাহাটীৰ এক্সেল কেয়াৰত ব্লেক ফাংগাছৰ সফল চিকিৎসা সম্পন্ন

২০১৯ চনত নিজৰ পিতৃ আৰু এই বছৰ নিজৰ ভাতৃক হেৰোৱাই বৰ্তমান মাতৃৰ সৈতে তেওঁ দেহৰাদুনৰ এটা ভাৰা ঘৰত থাকে। পিতৃ আৰু ভাতৃৰ চিকিৎসাৰ বাবদ সকলো জমা ধন খৰচ হোৱাৰ লগতে পৰিয়ালটো ঋণত পোত যাব লগা হয়।

যাৰ ফলত দিলৰাজ আৰু তেওঁৰ মাকে পাৰ কৰিব লগীয়া হৈছে অত্যন্ত কষ্টকৰ জীৱন। মাকৰ পেনছনৰ পইচাৰে ঘৰৰ ভাৰা আৰু ঋণৰ কিস্তি পৰিষোধ কৰি মাহটোৰ শেষলৈ তেওঁলোকৰ হাতত নাথাকে এটকাও পইচা।

‘যোগ্যতাৰ ভিত্তিত মোক এটা চাকৰি দিবলৈ কিমানবাৰ মই চৰকাৰক অনুৰোধ জনালো কিন্তু একো লাভ নহ’ল। খেলুৱৈসকলে মেডেল আনিলে সকলোৱে হাতচাপৰি বজাই কিন্তু তেওঁলোকে কিদৰে পৰিয়াল চলাই সেই কথাৰ কোনেও খবৰ নলয়,’ দিলৰাজে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply