নিউজ ডেস্কঃ ৰাজ্যত কিডনী বিক্ৰীৰ জালত বন্দী হৈ সৰ্বস্ৰান্ত হোৱা লোকসকলৰ ঘটনা সংবাদমাধ্যমৰ জৰিয়তে পোহৰলৈ অহাৰ পিছতহে আৰক্ষী বিভাগ সক্ৰিয় হৈ পৰিছে।

শেহতীয়াকৈ ডিব্ৰুগড়ৰ ঘোৰামৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কিডনী দালাল মাষ্টাৰ মাইণ্ড গিৰীণ সোণোৱালক গ্ৰেপ্তাৰ কৰিছে।

ধৃত গিৰীণ সোণোৱাল ওৰফে গৌতম সোণোৱালক ঘোৰামৰা আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি টেঙাখাট অঞ্চলৰ অভয়াপুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়কঃচৰাইদেউৰ ঐতিহাসিক লাংকুৰী দৌলত মাটিৰ তলৰ ধন-সোণৰ সন্ধানত দুস্কৃতিকাৰী

কিডনীৰ বিক্ৰেতাৰ মাষ্টাৰ মাইণ্ড গিৰীণ সোণোৱালৰ বাসগৃহ ডিব্ৰুগড় লেজাইৰ লালমাটি তিনিচুকীয়া গাঁৱৰ বুলি জানিব পৰা হৈছে।

ঘটনাবোৰ পোহৰলৈ অহাৰ পিছত ধৃত কিডনী বিক্ৰীৰ মাষ্টৰ মাইণ্ড গিৰীণ সোণোৱাল পলাতক অৱস্থাত আছিল।

দেওবাৰে নিশা ডিব্ৰুগড় ঘোঁৰামৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ কুমাৰ নাথৰ নেতৃত্বত এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে অবৈধভাবে মানৱ দেহৰ অংগ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়কঃহাতেৰে নহয় জিভাৰে পাবজি খেলি চৰ্চিত দলগাঁৱৰ এজন যুৱক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply