ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে । বাক্সাৰ আনন্দপুৰ চি ব্লকত সংঘটিত হৈছে এই ঘটনা ।
এগৰাকী ১১ বছৰীয়া নাবালিকাক ধৰ্ষনৰ অপচেষ্টা এটা লম্পটৰ ।
অভিযুক্ত লম্পট ভৈৰৱ বৰ্মন (৫৫) বৰবৰী আৰক্ষীৰ জালত ।
ঘৰত কোনো নথকা অৱস্থাত নাবালিকা গৰাকীৰ ঘৰত প্ৰৱেশ কৰি পানী খোৱাৰ চলেৰে অপকৰ্ম কৰাৰ চেষ্টা চলাইছিল লম্পটোৱে ।
নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰাত পোহৰলৈ আহে এই অপকৰ্মৰ ঘটনাটো ।
নাবালিকা গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত বৰবৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত লম্পটটোক ।
অভিযুক্ত লম্পট ভৈৰৱ বৰ্মনক উচিত শাস্তি দিয়াৰ দাবী পৰিয়ালৰ লগতে গাওবাসীৰ ।
POCSO আইনৰ আধাৰত ইতিমধ্যে বৰবৰী আৰক্ষীয়ে অভিযুক্ত লম্পটোক গ্ৰেপ্তাৰ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply