ছয়গাঁও : ৰাজ্যত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড ৷ সুদীৰ্ঘ ১৩ দিনৰ পিচত পোহৰলৈ আহিছে আন এক জঘন্য ধৰ্ষণকাণ্ড ৷ ঘটনাৰ স্থান দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত দীঘলবিলত। ঘটনাটো বকো আৰক্ষী থানাৰ অন্তৰ্গত যদিও এই জঘন্য ধৰ্ষণকাণ্ডটো পোহৰলৈ আনে ছয়গাঁও আৰক্ষীয়ে।
ধৰ্ষণ কাণ্ডত জড়িতৰ অভিযোগত এজনক গ্ৰেপ্তাৰ কৰিছে ছয়গাঁও আৰক্ষীয়ে ৷ এই জঘন্য ধৰ্ষণকাণ্ডটোৰ লগতে সংঘটিত হৈছে এক মৰ্মান্তিক তথা হৃদয় বিদাৰক ঘটনাও ৷ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়ামতে যোৱা ২৮ ছেপ্টেম্বৰত ছয়গাঁও সমষ্টিৰ তথা বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী দীঘলবিলত সংঘটিত হৈছিল এক জঘন্য ধৰ্ষণকাণ্ড ৷
গাঁওখনৰে ভূপেন ৰাভা নামৰ এগৰাকী বিবাহিত যুৱকে গাঁওখনৰে প্ৰিয়ংকা ৰাভা নামৰ এগৰাকী মহিলাক ঘৰত কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক ধৰ্ষণ কৰে ৷ মহিলা গৰাকীয়ে নিজৰ ঘৰত নিজৰ তিনিমহীয়া কেচুৱাটো সৈতে থকাৰ সময়তেই ভূপেন ৰাভা নামৰ বিবাহিত যুৱকজনে বলপূৰ্বক মহিলা গৰাকীক ধৰ্ষণ কৰাৰ সময়তে কোলাৰ কেচুৱাটো মাটিত পৰি যোৱাৰ ফলত কেচুৱাটো বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ৷
এই ঘটনা সংঘটিত কৰাৰ পিচত যুৱকজনে মহিলা গৰাকীক এই ঘটনাটো কাৰো আগত প্ৰকাশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে। আনহাতে আঘাতপ্ৰাপ্ত শিশুটিৰ এসপ্তাহ পিচত মৃত্যু হয়। মহিলা গৰাকীয়ে শিশুটিৰ মৃতদেহ মাটিত পুতি থয়।
এই মৰ্মান্তিক ঘটনাটোৰ বিষয়ে আৰক্ষীয়ে এক গোপন সুত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিচত সোমবাৰে বিয়লি ছয়গাঁও ৰাজহ চক্ৰ বিষয়া সৰোজ সোণোৱালৰ সহযোগত তথা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত যোৱা আৰক্ষী দলটোৱে ধৰ্ষণকাণ্ডত জড়িত ভূপেন ৰাভা নামৰ যুৱকজনক আটক কৰে। আনহাতে মৃত শিশুটি গাতৰ পৰা খান্দি উলিয়াই ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে ৷ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে ধৰ্ষণ কাণ্ডত জড়িত যুৱকজনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক-তাজ বিভান্তাৰ নৈশ পাৰ্টীৰ আয়োজক, হাই প্ৰফাইল আমোলা-আৰক্ষীকো তদন্তৰ আওতালৈ অনাৰ দাবী জাতীয় পৰিষদৰ