দেৰগাঁও : গোলাঘাটৰ পুলিবৰ ষ্টেট বেংকৰ কৰ্মচাৰী বালকিশোৰ যাদবে অন্য মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অৱশেষত ধৰা পৰে নিজ পত্নীৰ ওচৰত।
পত্নীয়ে এগৰাকী অন্য মহিলাৰ সৈতে হাতে-লোটে নিজ স্বামীক ধৰা পেলাই আৰক্ষীৰ ওচৰত গতাই দিয়ে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত পত্নী গায়ত্ৰী যাদবে লম্পট স্বামী বালকিশোৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।
পত্নীৰ অগোচৰে অন্য মহিলাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি থকা লম্পট ব্যক্তিগৰাকী পুলিবৰ ষ্টেট বেংকৰ কৰ্মচাৰী বালকিশোৰ যাদৱ ।
এজাহাৰত পত্নী গায়ত্ৰী যাদবে ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে যোৱাৰ সময়ত বালকিশোৰ যাদৱে এগৰাকী যুৱতীৰ সৈতে দেৰগাঁও চহৰৰ মিলনপুৰৰ বোধেশ্বৰ বৰাৰ ভাড়াঘৰত অবৈধ সম্পৰ্ক ৰক্ষা কৰি আছিল।
ডিব্ৰুগড়ৰ পৰা উভতি আহিয়ে পত্নীয়ে ভাড়াঘৰৰ ভিতৰত অসংযত অৱস্থাত স্বামী আৰু যুৱতীক উদ্ধাৰ কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে।
আৰক্ষীয়ে প্ৰেমিক বালকিশোৰ আৰু যুৱতী গৰাকীক থানালৈ লৈ অনাৰ পিছত আৰক্ষীৰ সৈতেও তীব্ৰ বাকবিতন্ডাত নামে দুয়ো।২৫ বছৰীয়া কন্যাৰ পিতৃ বালকিশোৰ সম্পৰ্কত পত্নী মন্তব্য তেও স্বামী কামবন নথকা সময়চোৱাত তেওৰ ঘৰতেই থাকিছিল । ৩০ বছৰীয়া বৈবাহিক সম্পৰ্ক তেওলোকৰ।দেৰগাঁও গোচৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ পঠিয়াইছে।
লগতে পঢ়ক- গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰী তদন্তৰ প্ৰতিবেদন গ্ৰহন