ডিফু : বিগত কেবাদিন ধৰি কাৰ্বিপাহাৰৰ বিভিন্ন ঠাইত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যবহাৰ কৰা লোকৰ ওপৰত পুলিচে ধাৰাবাহিক অভিযান চলাই আহিছে।
এই অভিযানত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ সেৱন কৰা সকলক আটক কৰিছে। যোৱা ৮ ফেব্ৰুৱাৰীত ডিফুৰ পানবাৰীত ১৪লাখ টকাৰ ব্ৰাউন ছুগাৰ সহ দুজনক আটক কৰাৰ পিছত ডিলাইত ড্ৰাগছ সৈতে দুজনক আটক কৰিছিল।
আজি আবেলিৰ সময়ত ডিফুৰ মতিপুং এলেকাৰ বন বিভাগৰ কাৰ্য্যালয়ৰ কাষৰ পৰা এজন যুবকক ড্ৰাগছসহ আটক কৰে। পল তেৰাং নামৰ কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যই সুজিত সুত্ৰধৰ নামৰ এজনক ড্ৰাগছ সৈতে আটক কৰি আৰক্ষীক গতাই দিয়ে।
ডিফু থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জে এছ খুবুঙৰ নেতৃত্বত যোৱা দলে ড্ৰাগছ সহ সুজিত সুত্ৰধৰ নামৰ লোকক আটক কৰে। আৰক্ষীয়ে লোকজনৰ পৰা অঞ্চলটোত চলি থকা ড্ৰাগছ সম্পৰ্কে জেৰা অব্যাহত ৰাখিছে।
লগতে পঢ়ক- নুমলীগড়ৰ এটি নিঠৰুৱা পৰিয়ালক সহায়ৰ বাবে আগবাঢ়ি আহিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি