গ্ৰেপ্তাৰ কৰে যুবকক

ডিফুঃ কার্বি আংলং জিলাৰ ডকমকা থানাৰ অন্তর্গত ডেনগাঁও বজাৰত আজি আৰক্ষীয়ে অভিযান চলাই অস্ত্রসহ এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এই সন্দর্ভত আৰক্ষী সুত্রে লাভ কৰা এক তথ্য অনুসৰি ডেনগাঁও বজাৰত অবৈধ অস্ত্রৰ বিক্রী হােৱাৰ নিশ্চিত তথ্য গােপন সুত্রে আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয়।

উক্ত তথ্যৰ ভিত্তিত আজি বকলীয়া থানাৰ ভাৰপ্রাপ্ত বিষয়া মনজিৎ তেৰাঙ, ডকমকা থানাৰ ভাৰপ্রাপ্ত বিষয়া বিজুকিংকৰ বসুমতাৰী, উপ-পৰিদর্শক লােকেন্দ্র পাংগিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ডেনগাঁও বজাৰত অস্ত্র সৰবৰাহকাৰী চক্রৰ বিৰুদ্ধে এক অভিযান চলায়।

উক্ত অভিযানত আৰক্ষীৰ দলটোৱেএটা থ্ৰী নট থ্ৰী ৰাইফল আৰু এটা মেগজিনসহ তিনি জাঁই সজীৱ থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী জব্দ কৰিবলৈ সক্ষম হয়।

লগতে পঢ়ক-শিৱসাগৰৰ দুৰাৰোগ্য ৰোগত ভোগা ৰিতুমণিয়ে আজি আমাৰ মাজৰ পৰা বিদায় ল’লে

এই সন্দর্ভত আৰক্ষীয়ে এজন যুৱকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধৃত যুবকজন মাঞ্জা থানাৰ অন্তর্গত লংনিট বৰজান ইংলেং গাঁৱৰ লংকি ৰংহাং ওৰফে থেংচ বুলি চিনাক্ত কৰা হৈছে। অভিযানটো পৰিচালনা কৰে বােকাজান মহকুমা আৰক্ষী বিষয়াজন দাসে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,511 other subscribers

Leave a comment

Leave a Reply