লম্পট সুৰজ মাহাতো আৰক্ষীৰ জালত

খেৰণী: পশ্চিম কাৰ্বি আংলং জিলাৰ মাইলু পহৰাচকীৰ অন্তৰ্গত মচকাত গাঁওত সংঘটিত হোৱা কিশোৰী নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত লম্পট সুৰজ মাহাতোক আৰক্ষীয়ে খেৰাণী থানাৰ ৯৩/২১ নং গোচৰত গ্ৰেপ্তাৰ কৰে । লম্পটটোৱে এগৰাকী কিশোৰীক মাৰপিট কৰাৰ লগতে আৰু ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ অভিযোগ উঠিছিল ।

ভাৰতীয় দণ্ড বিধি আইনৰ ৩৪১/২৯৪/ ৩৫৪ ( বি)/৩৯৪ নং ধাৰাত গ্ৰেপ্তাৰ কৰিছে সুৰজ মাহাতো নামৰ যুৱকজনক | এগৰাকী ১৭ বছৰীয়া কিশোৰীক সামান্য কথাক লৈ মাৰপিট কৰাৰ লগতে আৰু ধৰ্ষণৰ চেষ্টা চলাইছিল। কিশোৰী গৰাকীৰ ঘড়ী আৰু কাণৰ সোণৰ কানফুলি লৈ উধাও হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যুৱকজনে কিশোৰী গৰাকীক অশালীন প্ৰস্তাৱ দি নানা ধৰনে অশালীন ব্যৱহাৰ কৰি আহিছিল । এই সংক্রান্তত কিশোৰী গৰাকীয়ে খেৰণী থানাত গোচৰ তৰিছিল । সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে লম্পট যুৱক টোক গ্ৰেপ্তাৰ কৰি আজি হামৰেণ আদালতত হাজিৰ কৰে ।

পশ্চিম কাৰ্বি আংলং জিলাৰ মাইলু পহৰা চকীৰ অন্তৰ্গত মচকাত সংঘটিত হৈছিল এই ঘটনা।গাঁও খনৰ এগৰাকী কিশোৰীক এজন যুৱকে মাৰপিট আৰু বেয়া কাম কৰিবলৈ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হোৱাত সৃষ্টি হৈছে চাঞ্চল্যৰ।

সুৰজ মাহাতো নামৰ যুৱকজনে ১৭ বছৰীয়া কিশোৰী গৰাকীক সামান্য কথাক লৈ মাৰপিট আৰু বেয়া কাম কৰিবলৈ উদ্যত হোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।ইতিমধ্যে ঘটনা সংক্ৰান্তত ভুক্তভোগী কিশোৰীয়ে যুৱকজনৰ বিৰুদ্ধে মাইলু পহৰা চকীত দাখিল কৰিছে গোচৰ।

লগতে পঢ়ক দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো উপেক্ষিত শ্বহীদ কমলা মিৰিৰ পৰিয়াল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply