লখিমপুৰ: সাংবাদিকৰ নাম লৈ অৰুণাচলী সুৰাৰ বেহা চলাই থকা এজন যুবকক সুৰাসহ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
লখিমপুৰ জিলাৰ লালুক পুখুৰীপৰীয়াৰ দীপক গোহাঁই নামৰ যুবক জনৰ ঘৰৰ পৰা লখিমপুৰ জিলাৰ আৱকাৰী বিভাগে অভিযান চলাই জব্দ কৰে অবৈধ সুৰাখিনি।
ইফালে অভিযানকালতে আবকাৰী বিভাগে আটক কৰিছে নিউজ পৰ্টেলৰ সাংবাদিক দীপক গোহাঁইক। আৰক্ষী সুত্ৰই জনোৱা মতে, দীৰ্ঘদিনে দীপক গোঁহাই জড়িত আছিল অবৈধ সুৰা সৰবৰাহত ৷
ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে CRPC-41 ৰ অধীনত জামিনত থকা দীপক গোহাঁইৰ বিপক্ষে গোচৰ ৰুজু কৰিছে।
লগতে পঢ়ক মাজুলীত নৱ বিবাহিতা মহিলাৰ আত্মহত্যা