লামডিং ৰেল ষ্টেছনত বৃহৎ পৰিমাণৰ বিস্ফোৰণ সামগ্ৰী উদ্ধাৰ হৈছে।
ৰেলৱে আৰক্ষী জব্দ কৰে ৫৮০ জিলেটিন ৰোল সহ বৈদ্যুতিক তাৰ জব্দ। এই সামগ্ৰী খিনিৰ সৈতে এজনক গ্ৰেপ্তাৰ কৰিছে।
লামডিং ৪ নম্বৰ প্লেটফৰ্মৰ জিৰণি কোঠাৰ পৰা এজন ব্যক্তিৰ পৰা উদ্ধাৰ কৰে এই বৃহৎ বিস্ফোৰণ সামগ্ৰী খিনি।
বিস্ফোৰক সামগ্ৰী কঢ়িয়াই অনা ব্যাক্তি জনৰ নাম জহানমিং থাং ছাং পৰাতে বুলি আৰক্ষীয়ে প্ৰাশ কৰিছে। তেওঁৰ ঘৰ ডিমা হাছাও জিলাৰ হাফলংত।

বৃহৎ সংখ্যক বিস্ফোৰক সামগ্ৰীবোৰ ডিমাপুৰলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল ব্যক্তিজনে।

ইতিমধ্যে ৰেল আৰক্ষী আৰু ৰেল সুৰক্ষা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
গ্ৰেপ্তাৰ হোৱা ব্যক্তি জনৰ লগত আৰু ব্যক্তি জড়িত থকা সন্দেহ আৰক্ষীৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply