মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা: ৰাজ্যত ড্ৰাগছবিৰোধী অভিযান যিমানেই তীব্ৰতৰ হৈছে সিমানেই জব্দ হৈয়ে আছে ড্ৰাগছ। আজি স্বৰস্বতী পূজাৰ দিনা মাৰ্ঘেৰিটাত এজন অটো চালকৰ গৃহত উদ্ধাৰ হ’ল প্ৰায় দুই লক্ষ টকা মূল্যৰ ব্ৰাউন চুগাৰ।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এ পি অ কলনিৰ দিব্যজোতি নাথ(২৯) ওৰফে লুলু নামৰ অটো চালক এজনৰ গৃহত প্ৰায় দুই লক্ষ টকা মূল্যৰ ব্ৰাউন চুগাৰ জব্দ হয়। মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পাৰ্থপ্ৰতীম দাস আৰু মাৰ্ঘেৰিটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সোমেশ্বৰ কোঁ‌ৱৰৰ নেতৃত্বত এটি আৰক্ষী দলে গোপন সূত্ৰৰ পমখেদি অভিযান চলাই এ পি অ কলনিৰ দিব্যজোতি নাথ নামৰ অটো চালকজনৰ গৃহত প্ৰায় দুই লক্ষ টকা মূল্যৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে ধৃত দিব্যজ্যোতিৰ বাসগৃহতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিনৰ পৰা দিব্যজ্যোতিয়ে ঘৰৰ পৰাই ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি সূত্ৰত প্ৰকাশ অভিযোগ উঠিছে।

দুদিন পূৰ্বে ডিগবৈত গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী জিৎতু সন্দিকৈয়ে লুলুক আজি জব্দ হোৱা ড্ৰাগছখিনি যোগান ধৰিছিল। শেহতীয়াকৈ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়াই ধাৰাবাহিক ভাৱে ড্ৰাগছৰ বিৰুদ্ধ অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক- চৰাইদেউ দেওশালত ৰূপন কৰা গছপুলি নষ্ট কৰিলে দুষ্কৃতিকাৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply