মৰাণ: সমাগত গণৰাজ্য দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো আগন্তুক গণৰাজ্য দিৱসত যাতে দুষ্কৃতিকাৰীয়ে কোনোধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা প্ৰদানৰ লগতে গঢ়ি তুলিছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান।

সমান্তৰালকৈ মৰাণহাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত এলেকাৰ ৰাঙলী কছুমাৰীৰ পৰা প্ৰায় ৪ কেজি ৭ শ ৫০ গ্ৰাম ওজন গাঞ্জা সহ এখন স্কুটী আৰু এজনক আটক কৰে। আটকাধীন লোকজনৰ নাম অজিত দাস (৩৮)।

জব্দকৃত স্কুটী খনৰ নম্বৰ AS04X1338। বৰ্তমান মৰাণহাট আৰক্ষীয়ে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক- নায়কৰ পৰা খলনায়ক হ’ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply