মৰাণৰ ডোমৰ দলং চাহ বাগিচাত মঙ্গলবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ঘটনা । এজন ব্যক্তিয়ে দুজনকৈ যুৱকক কুঠাৰে ঘপিয়াই হত্যা কৰে। লাল বাবু মুণ্ডা (৩৫) আৰু বিৰছা নায়ক (২৩) নামৰ যুবক দুজনক কুঠাৰে ঘপিয়াই হত্যা কৰে ।
হত্যাকাৰী বিশ্বকৰ্মা ঘাটোৱাৰ ওৰফে চুতুক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ডোমৰ দলং চাহ বাগিচাৰ বৰুৱাহোলা ডিভিজনত সংঘটিত হয় এই হত্যাকাণ্ড ঘটনা । জানিব পৰা অনুসৰি বিশ্বকৰ্মা ঘাটোৱাৰ ওৰফে চুতুৰ ঘৰত নিশা চুলাই মদ সেৱন কৰি আছিল তিনিজন ব্যক্তিয়ে ।
এনেতে কিবা কথাত তৰ্কাতৰ্কি হয় তিনিও মাজত । পিছত ঘৰত থকা এখন কুঠাৰে আঘাত কৰি চুতুৱে হত্যা কৰে লাল বাবু মুণ্ডা আৰু বিৰছা নায়কক । ঘৰত সেই সময়ত বেলেগ কোনো লোক নাছিল । হত্যাকাৰী চুতুৱে চিঞৰ বাখৰ কৰাতহে ওচৰৰ লোক আহি উপস্থিত হয় ।
আৰক্ষীয়ে নিশাই হত্যাকাৰী চুতুক গ্ৰেপ্তাৰ কৰে আৰু দুয়োজন যুৱকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । চুলাই মদ সেৱন কৰি মাতাল হোৱাৰ বাবেই এই ঘটনা সংঘটিত হ’ল বুলি ৰাইজে সন্দেহ কৰিছে ।