নগাঁও: অবৈধ ড্ৰাগছ সৰবৰাহক লৈ নগাঁও জিলাত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক অভিযান চলিছে যদিও বন্ধ হোৱা নাই ড্ৰাগছ ব্যবসায়ীসকলৰ তৎপৰতা।
যাৰ ফলত নগাঁৱত ড্ৰাগছৰ ঘাটিত আকৌ চলিল আৰক্ষীৰ অভিযান।
অভিযানত জব্দ হ’ল লক্ষাধিক টকাৰ ড্ৰাগছ।নগাঁৱৰ ধিং গেটৰ বিদ্যানগৰত চলিছিল অভিযান।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জালালউদ্দিন নামৰ ড্ৰাগছ ব্যৱসায়ীজনক।আদম আলী নামৰ লোকজনৰ ঘৰত ভাৰাতীয় হিচাপে আছিল ধৃত জালালউদ্দিন।