মনাই দেউৰী

নগাঁও: এইবাৰ জেলত দালালি কৰি গ্ৰেপ্তাৰ হ’ল ফাৰ্মাচিষ্ট | নগাঁও বিশেষ কাৰাগাৰৰ ফাৰ্মাচিষ্ট মনাই দেউৰীক গ্ৰেপ্তাৰ কৰিলে নগাঁও আৰক্ষীয়ে ৷ জেলৰ কয়দী আৰু হাজোতীক জামিন পোৱাত আৰু অসুস্থতাৰ দোহাই দি জেলৰ পৰা হস্পিতাললৈ প্ৰেৰণৰ সুবিধা কৰি দিয়াৰ নামত বিভিন্ন জনৰ পৰা উৎকোচ লৈ আহিছিল ফাৰ্মাচিষ্ট দেউৰীয়ে ।

YouTube video

ধন দাবী কৰা এটা ফোন ৰেকৰ্ডিঙৰ ওপৰত তদন্ত কৰি নগাঁও আৰক্ষীযে গ্ৰেপ্তাৰ কৰিছে বিশেষ কাৰাগাৰৰ ফাৰ্মাচিষ্ট গৰাকীক ৷ প্ৰায় সাত বছৰ ধৰি কাৰাগাৰ খনত কৰ্মৰত ফাৰ্মাচিষ্ট গৰাকীযে দালালি কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল দীৰ্ঘদিন ধৰি ৷

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা মতে, মনাই দেউৰীয়ে শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীক এনেদৰে সহায় কৰাৰ বিনিময়ত ফাৰ্মাচিষ্টজনে ২০ হাজাৰ টকা বিচৰাৰ সকলো ৰেকৰ্ডিং আৰক্ষীৰ হাতত আছে ।
ধৃত মনাই দেউৰীৰ ঘৰ মাজুলীত ৷ গুৱাহাটীতো এটা ঘৰ বনাই ভাৰা দি থৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক-নগাঁও-কাছাৰ কাগজকলৰ সমস্যা সমাধানৰ দিশে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply