নগাঁও জিলাত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে মাৰাথান অভিযান এতিয়াও অব্যাহত আছে। আজি চলোৱা অভিযানত ১৭টা হেৰোইনভৰ্তি কণ্টেইনাৰসহ আটক এটা ড্ৰাগছ ব্যৱসায়ীক। ৰূপহীহাটত চলা এই অভিযানৰ সময়ত দুটা ড্ৰাগছ সৰবাহকাৰী পলায়ন কৰে।
এক গোপন সূত্ৰৰ ভিত্তিত ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত ৰূপহীহাটৰ গুণাবাৰীত আৰক্ষীয়ে এই অভিযানচলাইছিল ।আৰক্ষীৰ অভিযানত ১৭টা হেৰ’ইনভৰ্তি কণ্টেইনাৰসহ আটক কৰে ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামক।
দীৰ্ঘদিন ধৰি ৰূপহীহাটৰ গুণাবাৰীত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বাহাৰুল ইছলাম, দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে। অৱশ্যে আৰক্ষী অহাৰ উমান পাই আন দুটা ড্ৰাগছ সৰবাহকাৰী দিলদাৰ হুছেইন আৰু মোস্তাফা আলমে পলাই যাবলৈ সক্ষম হয়।