ৰূপহীহাট : ৰূপহীহাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰীজনক।

নগাঁও জিলাৰ ৰূপহীহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।
ৰূপহীহাট থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি শালপাৰাত অভিযান চলায়।

আৰক্ষীৰ অভিযানত আটক হয় ড্ৰাগছ সৰবৰাহকাৰী ছাহাব উদ্দিন। ৰূপহীহাট থানাৰ আৰক্ষী উপ-পৰিদৰ্শক তুষাৰ জ্যোতি বৰাৰ অভিযানত আটক হয় ড্ৰাগছ সৰবৰাহকাৰীজনক। ছাহাব উদ্দিনৰ পৰা আৰক্ষীয়ে ২৭ টাকৈ হেৰ’ইন ভৰ্তি কন্টেইনাৰ জব্দ কৰে।

আৰক্ষীৰ অভিযানকালত ধৃত ছাহাব উদ্দিনৰ লগত থকা অন্য দুজন ড্ৰাগছ সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয়। ছাহাব উদ্দিনে অতি কৌশলেৰে ঠেলা গাড়ীত ভঙা-ছিঙা বস্তুৰ লগত লুকুৱাই ৰাখিছিল হিৰোইনখিনি।

লগতে পঢ়ক- এইবাৰ নগাওঁ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক কৃৰ্তীকমল বৰাক আৰক্ষীয়ে গুলীয়ালে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply