টীয়ক: টীয়ক থানাৰ অন্তৰ্গত হাঁহচৰা অঞ্চলৰ জিতু গগৈ নামৰ এজন ব্যক্তি আৰু তেওঁৰ পুত্ৰক বিনা কাৰণত মাৰপিট কৰি পিষ্টল দেখুৱাই প্ৰাণে মৰা ভাবুকি প্ৰদান কৰা বুলি দিয়া অভিযোগত ভিত্তিত হাঁহচৰাৰ বিতুপন কলিতা নামৰ এজন যুৱকক পিষ্টলসহ টীয়ক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি জেললৈ প্ৰেৰণ কৰিছে।

জিতু গগৈৰ অভিযোগৰ ভিত্তিত IPC/91/22 নম্বৰত গোচৰ ৰজু কৰি টীয়কৰ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।উল্লেখযোগ্য যে অভিযুক্ত বিতুপনে উক্ত পিষ্টলটো ডিমাপুৰৰ এজন বন্ধুৱে তেওঁক থ’বলৈ দিছিল আৰু সুৰামক্ত হৈ উক্ত ঘটনা সংঘটিত কৰিছিল বুলি স্বীকাৰ কৰিছে।আৰক্ষীয়ে ইতিমধ্যে বিতুপন কলিতাৰ মটৰচাইকেলখনো জব্দ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply