জাল নোট সহ বাংলাদেশী নাগৰিক আটক

মানকাচৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ ভাৰত-বাংলাদেশ সীমান্তৰ সঞ্জয় সাধু সীমান্ত ৰক্ষী ছাউনীৰ ওচৰৰ মণ্ডল পাৰাৰ পৰা ভাৰতীয় জাল নোটসহ এগৰাকী বাংলাদেশী যুবকক আটক কৰে সীমান্তৰক্ষী বাহিনীয়ে।

সীমান্তৰক্ষী বাহিনীৰ দুৰ্বল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত দাঁতভাঙ্গা (ছাটকৰাইবাৰী) গাওঁৰ আবু বক্কৰৰ পুত্ৰ মহম্মদ ৰাশিদুল ইছলামে ভাৰত ভুমিত প্ৰবেশ কৰিছিল।


৬নং বি এন, বি এছ এফৰ জোৱানে বিশেষ সুত্ৰৰ পম খেদি বাংলাদেশী নাগৰিক জনক মানকাচৰৰ পৰা ২০ কিলোমিটাৰ নিলগৰ সঞ্জয় সাধু বিএছ এফ ছাউনীৰ ওচৰৰ মণ্ডল পাৰাৰ পৰা আটক কৰে।

বাংলাদেশী নাগৰিক গৰাকীৰ পৰা বি এছ এফে ১৯ হেজাৰ টকাৰ ভাৰতীয় জালনোট উদ্ধাৰ কৰে উদ্ধাৰ কৰে বুলি সদৰী কৰে।

কালি বি এছ এফে গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিক জনক আজি জালনোটসহ মানকাচৰ আৰক্ষী থানাত চমজাই দিয়ে।

লক্ষ্যনীয় যে,সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰা থকাৰ লগতে বিএছ এফৰ গিজগিজীয়া পহৰা ব্যৱস্থা থকাৰ পিছতো পশুধন,নিচা জাতীয় দ্ৰব্য চোৰাং বেহা, বাংলাদেশীৰ আগমন কিদৰে হয়,সেয়া এক ৰহস্য ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply