শিৱসাগৰ: প্ৰশাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মদৰ ঘাটিত পৰিনত হৈছে শিৱসাগৰ জিলাৰ বহু অঞ্চল। ইয়াৰ ফলত জিলাখনত অসামাজিক কাৰ্যকলাপ দিনকদিনে বৃদ্ধি পাইছে। তেনে এক ঘটনাৰ বাবেই দানৱ ৰূপী পুত্ৰৰ কাণ্ডত মাতৃ অগ্নিদগ্ধ হৈ এতিয়া চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজ দিব লগা হৈছে।
সুৰামত্ত পুত্ৰই জীৱন্তে জ্বলাই মাতৃক হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে। জিলাখনৰ কোঁৱৰপুৰৰ গোঁহাই গাঁও টেপৰ তলত সংঘটিত হৈছে এই নৃশংস ঘটনা।
ঘটনাৰ বিবৰনি মতে, পাছদিনা দেউতাকৰ বছৰেকীয়া শ্ৰাদ্ধক লৈ সন্তোষ চাহু (৩৫) নামৰ পাষণ্ডটোৱে মাজনিশা সবিতা চাহু নামৰ মাতৃগৰাকীৰ সৈতে তৰ্ক বিতৰ্ক হোৱাৰ পিছত জীৱন্তে জ্বলাই হত্যাৰ চেষ্টা কৰিছিল।
এই ঘটনাত মাক সবিতা চাহু (৬৬) বেয়াকৈ অগ্নিদগ্ধ হোৱাত মহিলা গৰাকীক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পাছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ।
আৰক্ষীয়ে ইতিমধ্যে পাষণ্ড পুত্ৰক গ্ৰেপ্তাৰ কৰিছে । স্থানীয় ৰাইজৰ অভিযোগ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ পৈত্ৰিক গাঁও খনত দীৰ্ঘদিনৰ পৰা অবাধ গতিত চলি আছে অবৈধ সুৰাৰ বেহা। যাৰ ফলত সমগ্ৰ অঞ্চলটোতে অসামাজিক কাৰ্যকলাপ দিনকদিনে বৃদ্ধি পাইছে। এই ক্ষেত্ৰত প্ৰশাসন কঠোৰ নোহোৱাৰ বাবেই এনে কাৰ্য চলিব পাৰিছে বুলি মুকলি ভাবে অভিযোগ কৰিছে ৰাইজে।
শিৱসাগৰত সুৰামত্ত পুত্ৰৰ অত্যাচাৰত মাতৃ অগ্নিদগ্ধ
কোৱৰপুৰৰ গোঁহাই গাঁও টেপৰ তলত সংঘটিত এই নৃশংস ঘটনাৰ সৈতে জড়িত পুত্ৰক গ্ৰেপ্তাৰ
