মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচৰ সমিপৰ চাইদিঙত ডেম ট্ৰেইনৰ খুন্দাত এজন যুৱক নিহত হয়। দিহিং চাহবাগিছা অঞ্চলৰ নতুন লাইনৰ নিবাসী প্ৰেম বাহাদুৰ ছেত্ৰীৰ পুত্ৰ দীপক ছেত্ৰী এই ঘটনাত মৃত্যু হয়।

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি প্ৰায় ২১ বছৰীয়া যুৱক জনে পুৱা প্ৰাতঃ ভ্ৰমণত উলাই গৈছিল আৰু ৰেল লাইনেৰে মোবাইলত কথা পাতি গৈ থকা অৱস্থাত লিডু ডিব্ৰুগড় অভিমুখি ডেম ট্ৰেইন খনে মহতিয়াৰ নিয়াৰ ফলত দীপকৰ থিতাতে মৃত্যু হয়।

ঘটনাস্থলিত লিডু আৰু তিনিচুকীয়াৰ ৰেল আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তিনিচুকীয়ালৈ মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অসাৱধানতাৰ ফলৰ দীপকৰ অকল মৃত্যু হ’ল বুলি স্থানীয় ৰাইজে উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰিছে। দীপকৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply