লখিমপুৰ,পল্লৱ মিলিঃ দল-সংগঠনৰ প্ৰবল প্ৰতিবাদক আওকাণ কৰি NHPC কৰ্তৃপক্ষৰ নিজ খেয়ালখুচি মতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰি থকাৰ ফলত দিনক দিনে বৃদ্ধি পাইছে ভয়ংকৰ অঘটন।

নেৰানেপেৰা বৰষুণ আৰু NHPC কৰ্তৃপক্ষৰ হেমাহিৰ ফলস্বৰূপে আজি ২ নং টাৰ্নেলত পাহাৰৰ পৰা মাটি খহি এজন শ্ৰমিক নিহত আৰু দুগৰাকীকৈ শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। নিহত শ্ৰমিকজনৰ নাম জিতু হাতীবৰুৱা ।

উক্ত ঘটনা সন্দৰ্ভত NHPC কৰ্তৃপক্ষই গাপ দি ৰখাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে। বৰ্তমান ২ নং টাৰ্নেলত কৰ্মৰত শ্ৰমিক সকলক কাম বন্ধ কৰি বাহিৰলৈ উলিয়াই দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply