মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাঙত আজি চোৰাং কয়লা ভৰ্ত্তি এখন মেক্স গাড়ী ৰাইজে জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং নিছু লাইনত চোৰাং কৈ কয়লা সৰবৰাহ কৰা AS 23 CC 3780 নম্বৰ মেক্স ডিঅই গাড়ীখন সাংবাদিক আৰু স্থানীয় ৰাইজৰ সহযোগত জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।
দীৰ্ঘদিনে দিন ধৰি নামদাং বৰগোলাই লিডু আদি অঞ্চলৰ পৰা ৰাষ্ট্ৰীয় সম্পদ কয়লা একাংশ কয়লা চুৰে মেক্স জাতীয় গাড়ীত ওপৰত বালি, মাটি , ভঙা ইটা আদি দি কৌশলেৰে কয়লাৰ চোৰাং বেহা চলাই স্থানীয় ইটা ভাটা সমূহত যোগান দি আহিছিল। ইতিমধ্য মাৰ্ঘেৰিটা আৰক্ষীয়ে গাড়ীখন চমজি লৈ সমগ্ৰ ঘটনা তদন্ত আৰম্ভ কৰিছে।

আনহাতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত গাড়ী চুৰিৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে । ঘৰৰ গেটৰ তলা ভাঙি পুৱতি নিশা মাৰ্ঘেৰিটা পৌৰসভাৰ ১ নং ৱাৰ্ডৰ নিবাসী জ্যোতিষ ৰায়ৰ নিজা বাসগৃহৰ পৰা AS-23w-2747 নম্বৰৰ বগা ৰংঙৰ Bolero বাহনখন চুৰি কৰি দুৰ্বৃত্ত উধাও হয় ।
ৰায় মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ঘনিষ্ঠ তথা ভাস্কৰ শৰ্মা ফেনচ ক্লাবৰ সভাপতি । ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । অঞ্চলটোত এইয়া নতুন ঘটনা নহয় । বিভিন্ন সময়ত গাড়ী মটৰ চাইকেল চুৰি হৈ আহিছে যদিও পুলিচ প্ৰশাসনে ইয়াক ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ অভিযোগ ৰাইজৰ ।
লগতে পঢ়ক কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এজন আৰক্ষী বিষয়াৰ পৰিয়ালে আজিও নাপালে নিজৰ প্ৰাপ্য দৰমহা