ৰূপহীহাট : ৰূপহীহাটত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান। লাওঁখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত চলিছিল এই অভিযান। এজন চিকাৰী গ্ৰেপ্তাৰ, উদ্ধাৰ বহু চৰাই।
এক গোপন খবৰৰ ভিত্তিত বুধবাৰে নিশাৰ ভাগত লাওঁখোৱা অভয়াৰণ্যৰ গড়াজান বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বন বিভাগে এক অভিযান চলাই এজন চিকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে বহু চৰাই উদ্ধাৰ কৰে। অভিযানকালত বন বিভাগে আনোৱাৰ হুছেইন নামৰ এজন চিকাৰীক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : হাতী খেদিবলৈ গৈ আধাতে ঘূৰি আহিবলগীয়া হ’ল বনকৰ্মী
বন বিভাগৰ দলে জুৰীয়াৰ গদায়মাৰিত চলাইছিল এই অভিযান। বন বিভাগে আনোৱাৰ হুছেইন নামৰ চিকাৰীজনৰ কবলৰ পৰা বহু ডাউক আৰু কাম চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে আনোৱাৰ হুছেইন নামৰ চিকাৰীজন দীর্ঘদিন ধৰি লাওঁখোৱা অভয়াৰণ্যৰ বিভিন্ন অঞ্চলত চৰাই চিকাৰৰ লগত জড়িত আছিল।