ড্ৰাগছৰ লেনদেনত জড়িতৰ অভিযোগত জালুকবাৰী থানাৰ এগৰাকী কনিষ্টবলৰ ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিছে মহানগৰ আৰক্ষীয়ে।
ৰিজাৰ্ভ ক্ল’জ হোৱা কনিষ্টবল গৰাকীৰ নাম টংকেশ্বৰ দে’।
টংকেশ্বৰ দে’ জালুকাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পি এছ অ’ হিচাবে কাৰ্যনিবাহ কৰিছিল।
ড্ৰাগছ ব্যৱসায়ীক ধনৰ বিনিময়ত গোপন তথ্য যোগান ধৰাৰ অভিযোগ আছিল কনিষ্টবল টংকেশ্বৰৰ বিৰুদ্ধে।
যোৱা ১ এপ্ৰিলত মুখ্যমন্ত্ৰীক এক পত্ৰযোগে টংকেশ্বৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল মহানগৰীৰ কেইজন মান সচেতন ব্যক্তিয়ে। ইয়াৰ ওপৰতে ব্যবস্থা গ্ৰহন কৰি কনিষ্টবল টংকেশ্বৰ দেক ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ দিয়া হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply