টীয়কৰ কাকজানত সন্ধানহীন ছাত্ৰ

স্মৃতি ৰেখা লাহন, টীয়ক: টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত কাকজান আৰণধৰা গাঁৱৰ নিবাসী ভূপেন ফুকনৰ একমাত্ৰ পুত্ৰ ঋতুৰাজ ফুকন যোৱা ৪ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে । পৰিয়ালৰ সুত্ৰই জানিবলৈ দিয়া মতে ঋতুৰাজে ৪ এপ্ৰিলৰ বিয়লি একে গাঁৱৰে দুজন সমনীয়াৰ লগত ফুৰিবলৈ ওলাই গৈছিল ৷ পাচত সমনীয়া দুজন ঘৰলৈ উভতি আহে যদিও ঋতুৰাজ ফুকন বৰ্তমানলৈকে ঘৰ আহি নোপোৱাত পৰিয়ালৰ লগতে আত্মীয়-স্বজন উদ্বিগ্ন হৈ পৰিছে ।
ঋতুৰাজৰ পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত ইতিমধ্যে স্থানীয় আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়েও ঋতুৰাজৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ কোনো লোকে ঋতুৰাজৰ সন্ধান লাভ কৰিলে ৭৬৩৮৮৫৭৯৩, ৯৬৭৮৬০৫৫৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply