কলাইগাঁও : কলাইগাঁৱত ভয়ংকৰ পথ দুর্ঘটনা। ডাম্পাৰৰ খুন্দাত নিহত হয় এজন ছাত্ৰ নেতা। নিহত ছাত্ৰ নেতাজনৰ নাম ধ্ৰুৱ প্ৰসাদ শইকীয়া। বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এক শোকাবহ পথ দুর্ঘটনা।

ওদালগুৰি জিলাৰ কলাইগাঁৱত এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় ধ্ৰুৱ প্ৰসাদ শইকীয়া নামৰ এজন ছাত্ৰ নেতা। নিশা এক অনুষ্ঠানৰ পৰা নিজৰ দুচকীয়া বাহনত ঘৰলৈ গৈ থকা অৱস্থাত ধ্ৰুৱ প্ৰসাদ শইকীয়াৰ বাহনখনত খুন্দা মাৰে তীব্ৰবেগী এখন ডাম্পাৰে।

লগতে পঢ়ক : নগাঁৱৰ শিক্ষণ মহাবিদ্যালয়ৰ স্বৰ্ণজয়ন্তী উদযাপন

ডাম্পাৰৰ খুন্দাত থিতাতে নিহত ধ্ৰুৱ প্ৰসাদ শইকীয়া নামৰ ছাত্ৰ নেতাজন। দুর্ঘটনাৰ পিছতে ডাম্পাৰৰ চালকজন ঘটনাস্থলীতৰ পৰা পলায়ন কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply