তিনিচুকীয়াঃ তিনিচুকীয়াত আৰক্ষীৰ গুলীত নিহত এজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী। দেওবাৰে ড্ৰাগছৰ বিৰুদ্ধে তিনিচুকীয়া আৰক্ষীয়ে টঙনা চেঙাপথাৰত অভিযান চলাইছিল। আৰক্ষী দেখি ড্ৰাগছ ব্যৱসায়ীৰ এটা দলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিল। শিলেৰে আক্ৰমণ কৰাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ দলটোলৈ গুলীচালনা কৰে।আৰক্ষীৰ গুলীত এজন নিহত হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত কয়, ”এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে টঙনা গাঁৱৰ এটা ঘৰত তালাচী চলাইছিল, য’ত চাৰিজন সন্দেহযুক্ত ড্ৰাগছ ব্যৱসায়ী মিলিত হৈছিল। আৰক্ষীৰ দলটো দেখি তেওঁলোকে শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল। আৰক্ষীয়ে প্ৰত্যুত্তৰত গুলীচালনা কৰাত এজনৰ ভৰিত গুলী লাগে। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। অত্যাধিক ৰক্তসৰণ হোৱাৰ ফলত চিকিৎসালয়লৈ নিয়া অৱস্থাতে তেওঁ মৃত্যুবৰণ কৰে। বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ অনা হৈছে যুৱকজনৰ মৃতদেহ।”

আৰক্ষীয়ে আন তিনিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। ড্ৰাগছ ব্যৱসায়ী কেইজনৰ পৰা আৰক্ষীয়ে সন্দেহযুক্ত ড্ৰাগছ, পাঁচটা ম’বাইল ফোন আৰু এখন চোকা অস্ত্ৰ উদ্ধাৰ কৰে।

উল্লেখ্য যে, ২০২১’ চনৰ মে’ মাহৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত কমেও ৫৬ জন লোক নিহত আৰু ১৪২ জন আহত হৈছে । আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওতে আৰক্ষীয়ে গুলীচালনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীকেইজনক।

যাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলে অভিযোগ কৰিছিল যে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসম আৰক্ষী “মুকলি হত্যা”ত লিপ্ত হৈছে।

পিছে অসম চৰকাৰে ২০ জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰিছিল আৰু দাবী কৰিছিল যে ৰাজ্যখনত “কোনো অতিৰিক্ত ন্যায়িক হত্যা” সংঘটিত হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply