কামপুৰ: নগাঁৱৰ ৰাঙলু গৰাইহাগীত বোৱাৰী হত্যাৰ ঘটনা।
ঘৰৰ ভিতৰতে ৰহস্যজনক ভাবে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ বোৱাৰী গৰাকীৰ মৃতদেহ৷
মৃত বোৱাৰী গৰাকীৰ নাম ৰুবিনা বেগম।
স্বামী গুলজাৰ হুছেইন, প্ৰথম পত্নী হুচনাৰা বেগমে মিলি পৰিকল্পিত ভাৱে হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ বোৱাৰী গৰাকী পৰিয়ালৰ ৷
পাৰিবাৰিক কন্দলৰ পৰিণতিতে উক্ত ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ ৷
ৰাঙলু থানাত এজাহাৰ দাখিল বোৱাৰী গৰাকীৰ পৰিয়ালৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে।