মানস প্ৰতিম গগৈ,মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই মাটি লাইনতস্থিত বিট্ৰিছ কুমাৰ কয়লা ভাটাত আজি সন্ধিয়া মাৰ্ঘেৰিটা আৰক্ষীয়ে পি বি ১৯ চি ৯৬৮৪ নম্বৰ এখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে।
যি সময়ত উত্তৰ পূৱ কয়লা ক্ষেত্ৰ উৎপাদন আৰু সৰবৰাহ সম্পূৰ্ণ বন্ধ আছে সেই সময়ত আৰক্ষীৰ চকুত ধুলি দি চোৰাং কয়লা সৰবৰাহ কৰিবলৈ চেষ্টা কৰা সময়তে মাৰ্ঘেৰিটা আৰক্ষীয়ে কয়লা ভৰ্তি ট্ৰাক খন জব্দ কৰে।
কয়লা খিনি কয়লা চোৰ লিডুৰ জনৈক দিপাংকৰে সৰবৰাহ কৰিবলৈ লৈছিল বুলি প্ৰকাশ। ইতিমধ্যে গাড়ীৰ চালক সহ দুজনক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। অন্যহাতে শেহতীয়াকৈ লিডু, বৰগোলাই নামদাং আদি অঞ্চলৰ পৰা অতি গোপনে চোৰাং কয়লা সৰবৰাহ হৈ আছে।
লগতে পঢ়ক-আফগানিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ: মৃত্যু৫০জনৰো অধিক
কেনেদৰে ৰাষ্ট্ৰীয় সম্পদ কয়লা অঞ্চলটোত চোৰাং ভাৱে সৰবৰাহ হৈ আছে সেই সন্দৰ্ভত সচেতন ৰাইজে আৰক্ষী প্ৰশাসনক প্ৰশ্ন উত্থাপন কৰিছে। কয়লাৰ চোৰাং ব্যবসায় বন্ধ কৰি আৰক্ষীয়ে সততাৰ পৰিচয় দিয়াতো বিচাৰিছে।