নলবাৰী : ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা। ঘগ্ৰাপাৰত চোৰাং গৰুসহ আটক দুজন কুখ্যাত গৰু চোৰ। আৰক্ষীৰ তালাচী অভিযানত জব্দ ৯ টা গৰু।

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা তালাচী চলাই ৰঙাফালিত এখন গৰু ভৰ্তি মেজিক ভেন জব্দ কৰে। ভেনখনৰ পৰা আৰক্ষীয়ে ৯ টাকৈ গৰু উদ্ধাৰ কৰে। ৰঙাফালিৰ পৰা নলবাৰীৰ মুকলমুৱা অভিমুখে গৈ থকা অৱস্থাত আৰক্ষীয়ে বাহনখনত তালাচী চলায়।

লগতে পঢ়ক : যোৰহাট জিলা বিজেপিৰ নতুন সভাপতি প্ৰাক্তন বিধায়ক হেমন্ত কলিতা

গৰু জব্দ হোৱা মেজিক ভেনখনৰ নম্বৰ এ এছ-২৫ডিচি-৮৫৮২। ধৃত গৰু চোৰ দুজন ক্ৰমে চপ্লাইকুছিৰ তাইজ উদ্দিন আলী আৰু সুৰাদীৰ আমচেৰ আলী বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply